নাহৰ (ইংৰাজী: Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea)) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত এক প্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী, পঞ্জাবী আৰু সংস্কৃত ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষাত নাগচাফা বোলা হয়। বাংলা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ। ১৯৮৬ চনত ইয়াক জাতীয় বৃক্ষ হিচাপে ঘোষণা কৰা হয়। শ্ৰীলংকাত নাহৰ গছ 'না' বৃক্ষ নামে পৰিচিত।
এই গছ প্ৰায় ১০০ ফুট ওখ হয়। গছৰ গুৰিৰ পৰিধি প্ৰায় ২ মিটাৰ হ'ব পাৰে। ইয়াৰ ডাল বৰ লাহি। বাকলি ০.৫ ইঞ্চি। ইহঁতৰ কাণ্ডৰ পৰা আঠা পোৱা যায়। এই গছৰ কাঠ বৰ টান হয়। কাঠৰ ৰং ৰঙা। ই ধীৰ গতিত ডাঙৰ হয়। নাহৰ শোভা বৰ্ধক গছ। ইয়াৰ পাত আৰু ফুল উভয়ই সুন্দৰ। ফুলৰ সুগন্ধ আছে। ই এক প্ৰকাৰৰ শোভাবৰ্ধক , চিৰসেউজীয়া উদ্ভিদ। ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে...
প্ৰথম বিশ্বযুদ্ধত ব্যৱহৃত HMS Dreadnought (১৯০৬) নামৰ ব্ৰিটেইনৰ যুদ্ধ-জাহাজ।
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।